পুনৰ দুৰ্ঘটনাত পতিত হল সমগ্ৰ বিশ্বত বায়ু সেনাৰ অন্যতম শক্তিশালী আৰু সুৰক্ষিত যুঁজাৰু বিমান খ্যাত মিগ-২১ বিমান। শুকুৰবাৰে নিশা ৮.৩০বজাত প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ বিমান।
আৰক্ষী অধীক্ষক অজয় সিঙে জানিবলৈ দিয়া মতে বিমানখন জয়ছলমেৰৰ চেম আৰক্ষী থানাৰ অন্তৰ্গত ডিজাৰ্ট ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। ইফালে এই দুৰ্ঘটনাত পাইলট, উইং কামাণ্ডাৰ হৰ্ষিত সিনহাৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰা হৈছে।
টুইটাৰত এক পোষ্টযোগে ভাৰতীয় বায়ু সেনাই বিষয়াজনৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
“বিমানখন সুদাচাৰীৰ ওচৰৰ বালিৰ টিলাত দুৰ্ঘটনাগ্ৰস্ত হয়। আমি ধ্বংসাৱশেষ টো দেখিছো,” এছএইচঅ’ চেম আৰক্ষী থানা দলপত সিঙে কয়।
উল্লেখ্য যে, এইবছৰ এইটো পঞ্চম মিগ-২১ দুৰ্ঘটনা। এইবছৰ ৰাছিয়ান বংশোদ্ভূত মিগ-২১ৰ সৈতে সংঘটিত এইটো পঞ্চম দুৰ্ঘটনা। ২৫ আগষ্টত ৰাজস্থানৰ বাৰমেৰত ভাৰতীয় বায়ুসেনাৰ মিগ-২১ বাইচন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকে হতাহত হোৱা নাছিল।
মে মাহত, পঞ্জাৱৰ মোগাত মিগ-২১ বিমান দুৰ্ঘটনাত এজন আইএএফ পাইলট নিহত হৈছিল। ১৭ মাৰ্চত মধ্য প্ৰদেশৰ গোৱালিয়ৰত সংঘটিত আন এটা দুৰ্ঘটনাত গ্ৰুপ কেপ্টেইন আশীষ গুপ্তাই প্ৰাণ হেৰুৱাইছিল।
জানুৱাৰী ৬ তাৰিখে, ৰাজস্থানৰ চুৰাটগড়ৰ ওচৰত এখন বিমান প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে পাইলটৰ জীৱন।
বৰ্তমান, ভাৰতীয় বায়ু সেনাই মিগ-২১ বাইচন যুঁজাৰু বিমানৰ ৪ টা স্কোয়াড্ৰন পৰিচালনা কৰে। প্ৰতিটো স্কোয়াড্ৰনত ১৬-১৮ খন বিমান থাকে। অহা তিনিৰ পৰা তিনি-চাৰি বছৰৰ ভিতৰত, এই বিমানবোৰ পৰ্যায়ক্ৰমে বাহিৰ কৰা হ’ব।
