ভাৰতীয় খাদ্য নিগমৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

72

ষ্টাফ ৰিপোৰ্টাৰ, ১৩ মে’ : ভাৰতীয় খাদ্য নিগমৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বুধবাৰে মণিপুৰীবস্তিৰ কে চি পাটোৱাৰীলেনত থকা ৩০ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰা হয় । এই কাৰ্যসূচীত ভাৰতীয় খাদ্য নিগমৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক মনোজ কুমাৰ গগৈ, সহযোগী মহাপ্ৰবন্ধক অমৰ গগৈৰ লগতে নিগমৰ আঞ্চলিক কাৰ্যালয়ৰ কৰ্মকতা ডলি শৰ্মা, চন্দন শৰ্মা, সন্দিপ কুমাৰ আদি উপস্থিত থাকে। উল্লেখ নিগমৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত মঙলবাৰে নুনমাটি, বশিষ্ট, বেলতলা, পানীখাইতি আদিত মুঠ ১০৫ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰা হয় ।