ভাৰতীয় ৰিজাৰ্ভ বেংকে লাভ কৰিছে বোমাৰ ভাবুকি

44

দিল্লীৰ বিদ্যালয়সমূহৰ পিছত, এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে লাভ কৰিছে বোমাৰ ভাবুকি। ভাবুকিভৰা মেইলটো ৰাছিয়ান ভাষাত প্ৰেৰণ কৰা হৈছে। মেইলটো পোৱাৰ লগে লগে এক আলোড়নৰ সৃষ্টি হৈছিল। তাৰ পাছতে আৰক্ষীয়ে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি বিষয়টো তদন্ত আৰম্ভ কৰিছে।ভাবুকিপূৰ্ণ ইমেইলটো বৃহস্পতিবাৰে আবেলি আৰবিআইৰ অফিচিয়েল ৱেবছাইটলৈ প্ৰেৰণ কৰা হৈছিল। যিটো শুকুবাৰে ৰাতিপুৱা প্ৰকাশ পাইছিল। ই-মেইলটোত ৰাছিয়ান ভাষাত ৰিজাৰ্ভ বেংক উৰুৱাই দিয়াৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। ইয়াৰ আগতেও, ৰিজাৰ্ভ বেংকে বোমাৰ ভাবুকি লাভ কৰিছে। এই সন্দৰ্ভত মাতা ৰামবাই মাৰ্গ (MRA মাৰ্গ) আৰক্ষী থানাত অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।উল্লেখ্য যে, বিগত কেইমাহমানত এনে ভাবুকিভৰা ফোনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কেতিয়াবা যদি বিদ্যালয়ত আৰু কেতিয়াবা বিমানত আকৌ কেতিয়াবা ৰে’ল ষ্টেচনসমূহলৈ অহা এনে ভাবুকি খবৰ পোৱা গৈছে। শেহতীয়া ঘটনাক্ৰমত, যোৱা কেইদিনমানত শ শ বিমানত বোমাৰ ভাবুকি দিয়া হৈছে। কিছুমান বিদ্যালয়লৈয়ো এনে ধৰণৰ ভাবুকি প্ৰেৰণ কৰা হৈছিল।