ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৱে স্প’ৰ্টষ্টাৰ এচেছ ২০২৩ত মহিলা শাখাত ”বছৰৰ ক্ৰীড়া তাৰকা” বঁটা লাভ কৰে।
এই কৃতিত্বৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চানুৱে কয় যে তেওঁ সুখী আৰু তেওঁ এই বঁটা তেওঁৰ পৰিয়াল, প্ৰশিক্ষক, আৰু ফেডাৰেচনৰ বাবে উৎসৰ্গা কৰিব।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিংহই মীৰাবাঈ চানুক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনায়।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ভাৰতীয়এথলীট চানুৱে ৩০ ছেপ্টেম্বৰত গুজৰাটত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছ ২০২২ত স্বৰ্ণ পদক লাভ কৰিছিল।
মহিলাৰ ৪৯ কেজি ভাৰোত্তোলন ইভেণ্টৰ ফাইনেলত সঞ্জিতা চানুক পৰাস্ত কৰি মীৰাবাই চানুৱে শীৰ্ষ প’ডিয়ামত স্থান দখল কৰে।
‘দুষ্টক দমন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিষ্ণুৰ অৱতাৰ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাতীৰ দৰে গৈ আছে। হাতী গ’লে পিছফালৰ পৰা কুকুৰে ভুকেই৷’ এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
