ভাৰতত প্ৰথমে ১ কোটি স্বাস্থকৰ্মীক দিয়া হব কোৰোনাৰ ভেকচিন

70

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কোৰোনাৰ দ্বিতীয় সংক্ৰমণ অব্যাহত আছে। দিল্লীত ক্ৰমাৎ বৃদ্ধি পাইছে এই ভাইৰাছৰ সংক্ৰমণ। তাৰ মাজতে এতিয়া ভাৰতত সম্পূৰ্ণ হোৱাৰ দিশে কোৰোনা ভেকচিনৰ পৰীক্ষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে সৰ্বদলীয় বৈঠকত জানিবলৈ দিয়ে যে, আগন্তুক কিছু সপ্তাহত কোভিড-১৯ৰ ভেকচিন দেশত উপলব্ধ হ’ব। এয়াই নহয় তেওঁ লগতে কয় চৰকাৰৰ ফালৰ পৰা সকলো প্ৰকাৰে ভেকচিন দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।

খবৰ অনুসৰি, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সৰ্বদলীয় বৈঠকত উপস্থাপন কৰা প্ৰেজেনটেশ্যনত কোৱা হৈছে যে দেশত প্ৰথমে ১ কোটি স্বাস্থ্যকৰ্মীক দিয়া হ’ব কোভিডৰ ভেকচিন। এই টিকাকৰণত চৰকাৰী আৰু ব্যক্তিগত দুয়োটাখণ্ডৰ কৰ্মী অন্তৰ্ভূক্ত হ’ব।

ইয়াৰ পিছত এই ভেকচিন সাধাৰণ লোকৰ মাজত বিতৰণ হ’ব।প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিৱ ৰাজেশ ভূষণে এই প্ৰেজেনটেশ্যন আগৱঢ়ায়।