ভাৰতত পুনৰ ৪১,৩৮৩ জন কোভিড পজিটিভ, ৫০৭ জনৰ মৃত্যু

85

ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। বিগত এটা মাহৰ পিছত ভাৰতত পুনৰ কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যানুসৰি, বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৪১,৩৮৩ জন লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত কোভিডৰ ফলত মৃত্যু ঘটিছে ৫০৭ জনৰ।

তথ্যানুসৰি, ভাৰতত বৰ্তমান কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা ৩১২৫৭৭২০জনলৈ বৃদ্ধি পাইছে। ইফালে বুধবাৰৰ দিনটোত দেশত সুস্থ হৈ উঠে ৩৮৬৫২জন কোভিড ৰোগী। যাৰ পিছত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ০৪২৯৩৩৯জনলৈ বৃদ্ধি পাইছে ভাৰতত। আনহাতে ৪০৯৩৯৪জন কোভিড ৰোগীৰ বৰ্তমানো চিকিৎসা অব্যাহত থকা বুলি প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।