ভাৰতত ভয়াবহভাৱে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। কোৰোনাৰ তৃতীয় ঢৌৱে এইবাৰ শিশুসকলক লক্ষ্য কৰি লব বুলিও আশংকা ব্যক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাষ্ট্ৰখনত পুনৰ ৪লাখ ১৪হাজাৰ ১৮৮গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা। এই সময়ছোৱাত ৩,৯১৫ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, যোৱা এটা দিনত ভাৰতত ৩,৩১,৫০৭গৰাকী লোক সুস্থ হৈ উভটিছে ঘৰলৈ।