ভাৰতত ডেল্টা প্লাছ ভেৰিয়েণ্টত আক্ৰান্ত হৈ দ্বিতীয়গৰাকী ৰোগীৰ মৃত্যু

61

কোৰোনাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ ভেৰিয়েণ্টে ভাৰতত কালৰূপ ধাৰণ নকৰে বুলি চৰকাৰী চিকিৎসা বিশেষজ্ঞই দাবী কৰিলেও এই মহামাৰীক লৈ সাধাৰণ জনতাৰ মাজত আতংক এতিয়াও বিৰাজমান। ইফালে ডেল্টা প্লাছ ভেৰিয়েণ্টত আক্ৰান্ত হৈ ভাৰতত আন এগৰাকী ৰোগীৰ মৃত্যু ঘটাৰ পিছতে একাংশ চিকিৎসা বিশেষজ্ঞই এই মহামাৰীৰ ভয়াবহতাক লৈ আশংকা ব্যক্ত কৰিছে।

উল্লেখ্য যে, মধ্যপ্ৰদেশতে দ্বিতীয় গৰাকী ৰোগীৰ দেহত ডেল্টা প্লাছ ভেৰিয়েণ্ট ধৰা পৰিছে। ইয়াৰ পূৰ্বে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এগৰাকী মৃত মহিলাৰ স্বাস্থ্য পৰীক্ষাত এই মহামাৰীৰ উপস্থিতি ধৰা পৰিছিল। ইফালে ভাৰতত বৰ্তমানলৈকে এই মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে সৰ্বাধিক ৰোগী তামিলনাডু, মধ্যপ্ৰদেশ আৰু কেৰেলাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।