ভাৰতত চিলনী চোৰৰ বলি হ’ল নৰৱেৰ চাইকেলিষ্ট, কাঢ়ি নিলে মোবাইল ফোন, ক্ৰেডিট কাৰ্ড…

81

ডিজিটেল ডেস্কঃ ভাৰতত চিলনী চোৰৰ বলি হ’ল নৰৱেৰ চাইকেলিষ্ট।

পঞ্জাৱৰ লুধিয়ানাত নৰৱেৰ এগৰাকী পৰ্যটক চাইকেলিষ্টৰ পৰা চিলনী চোৰে কাঢ়ি নিলে মোবাইল ফোন, ক্ৰেডিট কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স।

বিশ্ব চাইকেল ভ্ৰমণ কৰি পঞ্জাৱত উপস্থিত হৈছিল এস্পেন লিলেংগেন নামৰ নৰৱেৰ নাগৰিকগৰাকী।

২১ বছৰীয়া চাইকেলিষ্টগৰাকীয়ে ফোনত কথা পাতি থাকোতেই চিলনী চোৰে কাঢ়ি লৈ যায় তেওঁৰ মোবাইল ফোনটোৰ লগতে ক্ৰেডিট কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্সখন।

আনহাতে এই চুৰি কাৰ্য সংঘটিত হোৱাৰ সময়ত পকেটত মাত্ৰ ২০০ টকা থকা বুলি মন্তব্য কৰে লিলেংগেনে।