ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনাৰ পৰা সুুস্থ হৈ উঠা ৰোগীৰ সংংখ্যা

75

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনাৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্যানুসৰি বিগত ২৪ ঘণ্টাত দেশত ৩লাখ ৫৭হাজাৰ ৬৩০গৰাকী কোৰোনা ৰোগী সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে শুকুৰবাৰৰ দিনটোত দেশত পুনৰ ২লাখ ৫৭হাজাৰ ২৯৯গৰাকী লোক নতুনকৈ এই মহামাৰীত আক্ৰান্ত হৈছে।

প্ৰকাশিত তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত ৪১৯৪ জন ৰোগীৰ কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে। ইফালে দেশত বৰ্তমানলৈকে ১৯কোটি ৩৩লাখ ৭২হাজাৰ ৮১৯গৰাকী লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।