ভাৰতত কোৰোনাৰ আতংকঃ যোৱা ২৪ ঘণ্টাত পুনৰ ৯১১ জনৰ মৃত্যু

82
প্ৰতীকি ফটো

ভাৰতত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। বিগত এটা দুটা সপ্তাহত কোভিড সংক্ৰমণ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল যদিও শেহতীয়া দুটা দিনত ভাৰতত ৫ শতাংশ পৰ্যন্ত সংক্ৰমণ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে দেশত পুনৰ ৪৩ হাজাৰ ৩৯৩ জন লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাতম ৯১১ জনৰ কোভিডৰ ফলত মৃত্যু ঘটে।

স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্যমতে, ভাৰতত বৰ্তমানলৈকে মুঠ সংক্ৰমিত ৰোগীৰ সংখ্যা ৩ কোটি ৭ লাখ ৫২ হাজাৰ ৯৫০জনলৈ বৃদ্ধি পাইছে। আনহাতে মৃত্যু ঘটা ৰোগীৰ মুঠ সংখ্যা হৈছেগৈ ৪ লাখ ৪ হাজাৰ ৯৩৯জন। দেশত বৰ্তমানো ৪ লাখ ৫৮ হাজাৰ ৭২৭জন কোভিড ৰোগীৰ চিকিৎসা চলি আছে।

প্ৰণিধানযোগ্য যে, বিগত ২৪ ঘণ্টাত দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে ক্ৰমে কেৰালা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত। কেৰালাত ১৩ হাজাৰ ৭৭২জন লোক যোৱা ২৪ ঘণ্টাত কোভিড পজিটিভ পোৱাৰ বিপৰীতে তামিলনাডুত ৩ হাজাৰ ২১১জন, অন্ধ্ৰ প্ৰদেশত ২ হাজাৰ ৯৮২জন লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।