বিহাৰৰ পূব চম্পাৰণ জিলাৰ ৰক্সাউলত ভাৰত-নেপাল সীমান্তৰে অবৈধভাৱে দেশত প্ৰৱেশ কৰা দুজন চীনা নাগৰিকক অভিবাসন বিষয়াই আটক কৰাৰ পিছত স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এই একেটা পথতে পাকিস্তানী নাগৰিক সীমা হাইদৰে নিজৰ চাৰিটা সন্তানৰ সৈতে ভাৰতত প্ৰৱেশ কৰি উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত উপস্থিত হৈ ‘স্বামী’ শচীন মীনাৰ সৈতে থাকিবলৈ লয়।
পূৱ চম্পাৰাণৰ আৰক্ষী অধীক্ষক কান্তেশ কুমাৰ মিশ্ৰৰ মতে, পূব চীনৰ এখন প্ৰদেশ জিয়াংছিৰ বাসিন্দা ঝাও জিং আৰু ফু কংক শনিবাৰে নিশা ৮.৪৫ বজাত ভাৰতীয় শুল্ক কাৰ্যালয়ৰ সমীপত বৈধ নথি-পত্ৰ অবিহনে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়।
‘দেশত প্ৰৱেশৰ বাবে তেওঁলোকৰ উদ্দেশ্য এতিয়াও স্পষ্ট নহয়। তেওঁলোকৰ জেৰা চলি আছে।’ চীনৰ নাগৰিক দুজনৰ উপস্থিতিত মিশ্ৰই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
আৰক্ষীয়ে জনোৱা মতে, এই যুটিয়ে নেপালৰ বীৰগঞ্জৰ এখন হোটেলত পাছপ’ৰ্ট থৈ যোৱা বুলি দাবী কৰিছিল আৰু পূৰ্বেও সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল।
‘পূৰ্বতে চলিত বৰ্ষৰ ২ জুলাইত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত তেওঁলোকক সতৰ্কবাণী দি এৰি দিয়া হৈছিল আৰু ভিছা অবিহনে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।’-এজন অভিবাসন বিষয়াই কয়।
ৰাক্সাউলৰ পোৰাছ নেপাল-ভাৰত সীমান্তত হিমালয়ৰ ৰাষ্ট্ৰ ভ্ৰমণ কৰা চীনা নাগৰিক আৰু অন্যান্য পৰ্যটকক উপযুক্ত নথি-পত্ৰ অবিহনে ধৰা পৰাৰ বহু কাণ্ডৰ সাক্ষী। বেছিভাগ ক্ষেত্ৰতে নেপাল সীমান্ত ক’ত শেষ হয় সেই বিষয়ে বুজাবুজিৰ অভাৱৰ বাবেই এনেকুৱা হয়। নিৰাপত্তাৰক্ষী বিষয়াৰ দ্বাৰা পৰিচালিত চৰকাৰী চেকপোষ্টসমূহ জনসাধাৰণে এখন দেশৰ পৰা আনখন দেশলৈ পাৰ হ’বলৈ নিৰ্ধাৰণ কৰা হয় যদিও বেছিভাগ সময়তে এনে অজানিতে পাৰ হোৱাটো বেচৰকাৰী পথৰ মাজেৰে সংঘটিত হয় যাৰ ফলত সন্দেহৰ সৃষ্টি হয় আৰু তাৰ ফলত আৰক্ষীৰ ব্যৱস্থা লোৱা হয়।
