ভাল খবৰ, দেশত হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ…

102
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

ক্ৰমাৎ সুস্থিৰ হৈছে দেশৰ কোভিড পৰিস্থিতি। লাহে লাহে হ্ৰাস পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। লগতে হ্ৰাস পাইছে এই মহামাৰীৰ কবলত পৰি মৃত্যু ঘটা ৰোগীৰ সংখ্যাও। বিগত ২৪ ঘণ্টাত ভাৰতত ১ লাখ ৬৩৬ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। উল্লেখ্য যে, এই সংক্ৰমণৰ হাৰ বিগত ৩০ দিনৰ ভিতৰত সৰ্বনিম্ন।

স্বাস্থ্য বিভাগে সদৰী কৰা তথ্যানুসৰি, বিগত ২৪ ঘণ্টাত দেশত ২৪২৭ গৰাকী লোকৰ কোভিডৰ ফলত মৃত্যু ঘটিছে। ইফালে যোৱা ২৪ ঘণ্টাত ১ লাখ ৭৪ হাজাৰ ৩৯৯ গৰাকী কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। বৰ্তমানলৈ ২৩কোটি ২৭লাখ ৮৬হাজাৰ ৪৮২গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।