ভাদ মাহৰ অন্তিমতো দেওবাৰত ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত ভক্তৰ সমাগম

112

ৰিদিপ বৰঠাকুৰ, যোৰহাট: পবিত্ৰ ভাদ মাহৰ অন্তিমতো দেওবাৰে পুৱ যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰচণ্ড গৰমকো নেওচি অগণন ভকত বৈষ্ণৱ সকলে বৰ নামঘৰত শৰাই ধুপ আৰু বন্তি জ্বলাই দুপৰীয়া নাম প্ৰসংগত অংশ গ্ৰহণ কৰা দৃশ্য পৰিলক্ষিত হয়।

বিগত বৰ্ষ সমুহতকৈ এইবাৰ ভক্তই ভিৰ কৰা দেখা গৈছে। কোভিদৰ নীতি নিয়মত কিছু শিথিলতা হোৱাত ভক্তৰ উৎসাহ দেখা যায়। ঢেকীয়াখোৱা বৰনামঘৰ নামঘৰৰ পৰিচালনা সমিতিয়ে মাক্স, চেণিটাইজাৰ অাৰু সামাজিক ব্যৱধান ৰাখাতো বাধ্যতামুলক কৰিছে।

নিমাতি মাজুলীৰ ফেৰী দুৰ্ঘটনাত মৃত্য হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে পৰিচালনা সমিতিয়ে।