ভাগি পৰিল চেপন চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰৰ পকী দলং

79

ভাগি পৰিল শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী পথৰ এখন দলং। পথটোৰ বকতা অঞ্চলত দিচাং নৈৰ ওপৰত থকা পকী এখন দলং মাজতে ভাঙি পৰাত ব্যাহত হৈ পৰিছে অঞ্চল দুটাৰ যাতায়াত।

দেওবাৰে পুৱা ৯ বজাত এখন শিলভৰ্তি ডাম্পাৰ দলং খনেদি পাৰ হওঁতেই আকস্মিকভাৱে মাজতে ভাগি পৰে দলংখন।

সম্প্ৰতি বৃহত্তৰ বকতা অঞ্চলৰ ৰাইজৰ শিৱসাগৰ, নাজিৰা, শিমলুগুৰি অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

১৯৭১ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা দলংখনৰ ১৯৭৭ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল আৰু বিগত এক দশকজুৰি দলংখন অতি দুৰ্বল হৈ পৰিছিল। দলংখন মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো কাণসাৰ দিয়া নাছিল কৰ্তৃপক্ষই। এতিয়া আকস্মিকভাৱে দলংখন ভাঙি পৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ।