কৰ্ণাটকৰ বিজয়নগৰত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় ৭ জনকৈ লোকে। তথ্য অনুসৰি বিজয়নগৰৰ হচপেটৰ সমীপত তিনিখন বাহনৰ মাজত সংঘটিত হয় সংঘৰ্ষ। খনন কামত নিয়োজিত দুখন টিপাৰ ল’ৰী আৰু এখন ক্ৰুজাৰৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হোৱাত ৭ জনৰ থিতাতে মৃত্যু ঘটে।
ক্ৰুজাৰখনত আছিল ১৩ জন লোক
জানিব পৰা মতে, ক্ৰুজাৰখনত মুঠ ১৩ জন লোক আছিল। ইয়াৰে দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হয়। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিজয়নগৰৰ আৰক্ষী অধীক্ষক শ্ৰীবাবুৱে কয় যে আহতসকলৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে।
তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে হচপেট চহৰৰ উপকণ্ঠ অঞ্চলৰ মৰিয়াম্মানহল্লী থানাৰ সমীপত। জানিব পৰা মতে, ল’ৰীখনৰ অক্ষ ভাঙি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
বাসৱেশ্বৰ মন্দিৰ দৰ্শন কৰিছিল নিহত সকলে
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত আটাইকেইজন লোক হচপেটৰ নিৱাসী আছিল। তেওঁলোকে হাৰানাহল্লীৰ সমীপৰ কুলাহল্লীত থকা বাসৱেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। মন্দিৰৰ পৰা উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা। আহত সকলক হচপেটৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
