ভতিজীৰ বিয়া খাই উভতি অহাৰ পথতেই কৰুণ মৃত্যু পতি-পত্নীৰ

104

উত্তৰ প্ৰদেশৰ উন্নাওত দেওবাৰে পুৱাই সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই পতি-পত্নীয়ে। এখন দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুখনকৈ বাইকত খুন্দা মৰাৰ ফলত দম্পত্তিহালৰ মৃত্যু ঘটাৰ লগতে আন এজন বাইক আৰোহী গুৰুত্বৰভাৱে আহত হয়।

দম্পত্তিহালে নিজৰ ভতিজীৰ বিবাহ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ পথতে সাৱটি লয় মৃত্যুক। এই দুৰ্ঘটনা সংঘটিত হয় আচলগঞ্জ থানা ক্ষেত্ৰৰ ভাইচাই নৌবাস্তা গাঁৱৰ কেশৱানন্দ আশ্ৰমৰ সমীপত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চিকন্দৰপুৰ নিৱাসী ৪৫ বছৰীয়া গুড্ডু বাজপেয়ী ওৰফে ব্ৰজেশ শংকৰে পুৱতি নিশা পত্নী সীতাৰ সৈতে শুক্লাগঞ্জত আয়োজিত তেওঁৰ ভতিজী প্ৰজ্ঞাৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি বাইকেৰে উভতি আহিছিল।

তেওঁলোকে ৰায়বৰেলীৰ পৰা কানপুৰ অভিমুখে আহি থকাৰ সময়তে নৌবাস্তা গাঁৱৰ কেশৱানন্দ আশ্ৰমৰ সমীপত বিপৰীত দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া দ্ৰুতবেগী বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে। তাৰ পিছত নিয়ন্ত্ৰণহীন বাহনখনে আন এখন বাইকতো খুন্দা মাৰে।

এই দুৰ্ঘটনাত ব্ৰজেশ শংকৰ আৰু তেওঁৰ পত্নীৰ থিতাতে মৃত্যু ঘটে। আনফালে আনখন বাইকেৰে আহি থকা এজন যুৱক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল বহু পলমকৈ উপস্থিত হোৱাক লৈ স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ক্ষুব্ধ গাওঁবাসীয়ে উন্নাও লালগঞ্জ পথ অৱৰোধ কৰে। নিৰ্দিষ্ট সময়ত পথটোৰ নির্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে অঞ্চলবাসীয়ে।