ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড, আহত ৪ জন

165

শনিবাৰে পুৱা মহানগৰীৰ ভঙাগড় অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

খবৰ অনুসৰি, ভঙাগড়ৰ ফ্লাইঅভাৰৰ ওচৰত থকা ফুড শ্বপৰ ভিতৰত কমেও তিনিটা এল পি জি চিলিণ্ডাৰত বিস্ফোৰণ সংঘটিত হয়।

এই অগ্নিকাণ্ডত কেইবাখনো দোকান-পোহাৰৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, দোকানখনৰ পৰা বিয়পি পৰা জুই নেমকেয়াৰ হাস্পতাল পৰ্যন্ত বিয়পি পৰে।

এতিয়ালৈকে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই যদিও আহত হৈছে চাৰিজন লোক।