বৰসজাইৰ সৰবৰহী ব্যক্তি হৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ মৃত্যু

64

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ বৰসজাইৰ চম্পক নগৰ নিবাসী তথা স্থানীয় বিশিষ্ট সমাজকৰ্মী হৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ মঙলবাৰে মহানগৰীৰ হেল্থ চিটি চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। ২০০৬ চনত অসম সচিবালয়ৰ বিত্ত বিভাগৰ পৰা যুটীয়া সচিব হিচাবে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত ভট্টাচাৰ্য মৃত্যুৰ আগমুহুৰ্তলৈকে স্থানীয় বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল । মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, দুগৰাকী জীয়ৰী, একমাত্ৰ পুত্ৰ,বোৱাৰী, নাতি-নাতিনী, আত্মীয়-স্বজন আৰু অজস্ৰ গুণমুগ্ধ এৰি থৈ যায় । অঞ্চলটোৰ এগৰাকী সৰবৰহী ব্যক্তি ভট্টাচাৰ্যৰ মৃত্যুত বৃহত্তৰ বৰসজাই অঞ্চলত শোকৰ ছা পৰে ।