বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ সোনাপুৰ গাঁৱত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়া

191

বেকী নদীৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে বৰপেটা জিলাৰ মন্দিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰ গাঁওৰ হাজি কৈফট আলী এম ই মাদ্ৰাছা, মজজিদ, দুটাকৈ প্ৰাথমিক বিদ্যালয়। ইতিমধ্যই নদীৰ গৰাখহনীয়াত প্রায় বিশ টা পৰিয়ালৰ ঘৰ দুৱাৰ আদি জাঁহ গৈছে, গৰাখহনীয়াৰ কবলত পৰা লোক সকল ৰাস্তাৰ কাষত থাকিব লগীয়া হৈছে।

বিদ্যালয়খন বেঁকীৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ আশংকাত ভূগিছে, এই অঞ্চলৰ ৰাইজ। অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম নকৰিলে আৰু ১০০ ঘৰ পৰিয়াল গৰাখহনীয়াৰ কবলত পৰিব।

এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে সেয়া বৰপেটাৰ সাংসদ, সমষ্টিৰ বিধায়ক, জিলা পৰিষদৰ সদস্যা, পঞ্চায়তৰ সভানেত্ৰী কোনোৱেও খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে। অতি শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে৷