বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা ।

223

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা ।

এজন থিতাতে মৃত্যু , দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ।

মৃত ব্যক্তিজন বৰবিলাৰ নিতুল শৰ্মা । নিতুল আছিল পেছাত এগৰাকী অনলাইন ডেলিভেৰি বয় ।

সোমবাৰে নিশা প্ৰায় ১০-৩০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা । ভেল্লা আঞ্চলিক জুনিয়ৰ কলেজৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতে, AS-01AQ- 5233 নম্বৰৰ মাৰুতি 800 এখন আৰু AS-23R- 0892 নম্বৰৰ Swift ডিজেয়াৰ এখনৰ মাজত প্ৰচণ্ড মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

দুৰ্ঘটনাগ্ৰস্ত মাৰুতি 800 খনে নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰোহী নিতুল শৰ্মাক মহতিয়াই নিয়ে । ফলত থিতাতে মৃত্যু হয় এইগৰাকী নিতুল শৰ্মাৰ । নিতুল শৰ্মা বৰবিলা গাৱঁৰ বুলি জানিব পৰা গৈছে ।

আনহাতে মাৰুতি 800 খনত থকা দুয়োজন ব্যক্তিক অতি সংকটজনক অৱস্থাত স্থানীয় ৰাইজে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও swift ডিজেয়াৰ খনত থকা চালকজন সুবিধা বুজি পলায়ন কৰিবলৈ সক্ষম হয় ।