বৰপেটাৰ জনীয়াত ৩ ড্ৰাগছ ব্যৱসায়ীক আটক

82

নিখিল দাস, বৰপেটাঃ সমগ্ৰ ৰাজ্যত ড্রাগছ বিৰোধী অভিযান অব্যাহত আছে। এই ক্ষেত্ৰত বৰপেটা আৰক্ষীও পিছ পৰি থকা নাই। এক বিশেষ সূত্ৰৰ পম খেদি জনীয়াত বৰপেটাৰ আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত এখন পাণ দোকানত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত তিনিজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে।

তিনিওজন ব্যৱসায়ীৰ পৰা বহু পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ অভিযানকাৰী দলটোৱে। আটকাধীন ড্ৰাগছ ব্যৱসায় কেইজন ক্রমে- জনীয়াৰ মান্নান আলী, ৰফিকুল ইছলাম আৰু বাংলিপৰা গাঁৱৰ মফিজুল খান বুলি জানিব পৰা গৈছে।