বৰপেটাৰোড আৰক্ষীৰ বৃহৎ সাফল্য চুৰি হোৱা কাঠ আৰু ট্ৰাক উদ্ধাৰ

239


বৰপেটা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৱা 17 অক্টোবৰৰত কাঠ ভৰ্তি ট্ৰাক সহ নিৰুদ্দেশ হোৱাৰ দহ দিন পাছত বৰপেটাৰোড আৰক্ষীয়ে কাঠ সহ ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে আটক কৰা ট্ৰাক চালকজনৰ নাম আছাদ আলী বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণি মতে বৰপেটাৰ বহৰিৰ মহিদুল শ্বেইখ নামৰ এজন কাঠ বেপাৰীয়ে কাজলগাওৰ DFO কাৰ্যালয়ৰ পৰা ৮২ টা বনচোম আৰু খোকন কাঠৰ পিচ অক্সনত ক্ৰয় কৰিছিল ৷ উক্ত কাঠ সমূহ কাজলগাওঁৰ পৰা বৰপেটাৰ বহৰিলৈ কঢ়িয়াই আনিবলৈ কাঠ বেপাৰী মহিদুল শ্বেইখে AS -09C-7632 নম্বৰ ট্ৰাকখন ভাৰাত লৈছিল ৷ উক্ত কাঠ সমূহ কঢ়িয়াই আনি থাকোতে 17 অক্টোবৰৰ নিশা প্ৰায় 11-30 মান বজাত বৰপেটাৰোডৰ বেঁকীৰ পাৰৰ পৰা চালক আছাদ আলীয়ে কাঠ সহ ট্ৰাকখনলৈ নিৰুদ্দেশ হৈছিল ৷ প্ৰায় 5 লাখ টকা মূল্যৰ কাঠ সহ ট্ৰাক চালক আছাদ আলীৰ কোনো সন্ধান নাপাই কাঠ বেপাৰী মহিদুল শ্বেইখে বৰপেটাৰোড আৰক্ষী থানাত 23 অক্টোবৰত এখনি এজাহাৰ দাখিল কৰিছিল ৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষীয়ে তদন্ত চলাই যোৱা 23 অক্টোবৰতেই নিশা বৰপেটাৰোডৰ বিলাসীপাৰাৰ পৰা খালী ট্ৰাকখন উদ্ধাৰ কৰিছিল যদিও কাঠ সমূহ উদ্ধাৰ কৰিব পৰা নাছিল ৷ পাছত যোৱা সোমবাৰে সৰভোগ এটা অঞ্চলৰ পৰা লুকুৱাই ৰখা অৱস্থাত উক্ত কাঠ সমূহ বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰপেটাৰোড আৰক্ষীয়ে ধৃত ট্ৰাক চালক আছাদ আলীক বৰপেটা আদালতত হাজিৰ কৰাই নিজৰ জিম্মালৈ আনি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।