বৰপেটাত ভাড়াঘৰতে চলিছে নাৰী দেহৰ ব্যৱসায়; ৪জনক আটক আৰক্ষীৰ

69

বৰপেটাত ড্ৰাগছ-মদ-জুৱাৰ অবৈধ সৰবৰাহ আৰু ব্যৱসায়ৰ লগতে নাৰী দেহ ব্যৱসায়ীৰ এটা চক্ৰইয়ো বিনষ্ট কৰি আহিছে পৰিৱেশ। ক্ৰমাৎ অপৰাধৰ ৰম্য ভূমিলৈ পৰিণত হোৱা বৰপেটা জিলাক পুনৰ অপৰাধমুক্ত কৰিবলৈ যেন বদ্ধপৰিকৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। বিগত কিছু দিনত জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ-জুৱাৰ বহু ঘাটী উৎখাত কৰাৰ পিছত এইবাৰ নাৰী দেহ ব্যৱসায়ীৰ ঘাটী উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

আৰক্ষী অধীক্ষকৰ আৱাসৰ ওচৰতে গঢ়ি উঠা দেহ ব্যৱসায়ীৰ এটা ঘাটী উৎখাত কৰে আৰক্ষীয়ে। উল্লেখ্য যে, এতিয়া স্থানীয় লোকৰ ভাড়াঘৰতো একাংশই দেহ ব্যৱসায় চলাই আহিছে। শেহতীয়াকৈ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দঙৰকুছিৰ ভাস্কৰ দাস নামৰ এজন লোকৰ ভাড়াঘৰত অভিযান চলাই নাৰী দেহ ব্যৱসায়ৰে জড়িত এগৰাকী যুৱতী আৰু দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষী অহাৰ উমান পাই আন এগৰাকী যুৱতীসহ ৩ জন লোক পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ঘৰটোৰ মালিক ভাস্কৰ দাসকো ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে। লগতে আবাস গৃহটোৰ চৌহদৰ পৰা দুখন বাইক আৰু এখন স্কুটীৰ লগতে ভিতৰৰ কোঠাৰ পৰা কেতবোৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে।