বৰপেটাত কোভিড আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

60

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু। মৃত্যু হোৱা মহিলাগৰাকী বৰপেটা চহৰৰ তৰালী শইকীয়া (৪৫) বুলি জানিব পৰা গৈছে৷ পৰিয়ালৰ লোকে জনোৱা মতে, আক্ৰান্ত মহিলা গৰাকী বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোভিড ৱাৰ্ডত ১৮দিন ধৰি চিকিৎসাধীন হৈ আছিল৷

কিন্তু শনিবাৰে মহিলাগৰাকীৰ কোভিদ টেষ্ট নিগেটিভ আহিছিল যদিও চিকিৎসালয়ৰ ফালৰ পৰা তেওঁক অব্যাহতি দিয়া নাছিল। অৱশেষত আজি পুৱাৰ ভাগত মহিলাগৰাকী কোভিড ৱাৰ্ডত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।