বৰপথাৰত পৰিদৰ্শন বিভাগৰ জিৰণি চ’ৰাৰ পৰাই চুৰি হ’ল বাহন..

56

বিহুৰ উছাহ আনন্দৰ মাজতে ধনিশিৰিৰ বৰপথাৰত সংঘটিত হল গাড়ী চুৰিৰ ঘটনা। বৰপথাৰৰ নগৰস্থিত পৰিদৰ্শন ভৱনৰ জিৰণি চ’ৰাৰ পৰাই নিশা কোনো দুষ্ট চক্ৰই চুৰি কৰি লৈ যায় এএছ০১ এএ৬৯৩৫ নম্বৰৰ ৰঙা অল্ট’ বাহনখন।

ইফালে পুৱা এই চুৰি কাণ্ডৰ বিষয়ে জানিব পৰাৰ পিছতে বাহনখনৰ মালিক শ্বৰিফ আহমেদে বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও বৰ্তমানেও আৰক্ষীয়ে চুৰি বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে অভিযোগ অনুসৰি, পৰিদৰ্শন ভৱনৰ জিৰণি চ’ৰাটো দীৰ্ঘ দিনৰ পৰাই দুষ্ট চক্ৰৰ মদ-জুৱাৰ আড্ডাস্থলী হিচাপে পৰিণত হৈ আহিছে। গড়কাপ্তানী বিভাগৰ এই গুৰুত্বপূৰ্ণ কাৰ্যালয়ত সংঘটিত অপৰাধমূলক কাণ্ড কাৰখানাৰ বিৰুদ্ধে স্থানীয় ৰাইজে আৰক্ষী আৰু গড়কাপ্তানী বিভাগত বাৰাম্বাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনেও তালৈ ভ্ৰুক্ষেপ নিদিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে।