বৰদোৱাত শৈলীৰ বৰগীত আৰু খোল বাদনৰ কৰ্মশালা আৰম্ভ

131

ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত ৰবিবাৰৰ পৰা বৰদোৱা শৈলীৰ বৰগীত আৰু খোল বাদনৰ ১৫ দিনীয়া কৰ্মশালা আৰম্ভ হৈছে।

বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই আৰু এফাকি নামঘোষা পৰিবেশন কৰে যোৰহাট সাউদকুচি সত্ৰ সত্ৰাধিকাৰ পবিত্র প্ৰাণ গোস্বামীয়ে।

পৰিচালনা সমিতিৰ সদস্য ৰাজীৱ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ-সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া সৌৰভ পানীফুকনে ভাষণ প্ৰদান কৰে।

বটদ্রৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, কোষাধ্যক্ষ আদিত্য বৰা, সদস্য ৰঞ্জিত মহন্ত, প্ৰভাত বৰা, টিকেন্দ্ৰজিৎ গোস্বামী, তুৱাৰাম বৰুৱাকে আদি কৰি কেইবাগৰাকী সদস্য তথা প্ৰশিক্ষাৰ্থী-অতিথি সহ তিনি শতাধিক লোকৰ উপস্থিতি থাকে।