বৰচলা সমষ্টিত বাঘৰ গৰ্জন।

115

বৰচলা সমষ্টিত বাঘৰ গোজৰ ।  বাঘৰ গৰালত আহি বিজেপিৰ ৰাষ্টীয় সভাপতি জে পি নদ্দাই পলাই পটং দিলে ।অসমৰ মুখ্যমন্ত্ৰী , স্বাস্থ্য মন্ত্ৰীৰ কথাটো  বাদেই ।বাঘৰ গৰালত আহি দিগদাৰ দিলে বাঘৰ কিন্তু খং উঠিব ।

কোন এই বাঘ । বৰচলা সমষ্টিৰ কোন এই বাঘ ।

হয় এই বাঘ বিজেপিৰ প্ৰাক্তন সাংসদ তথা বৰচলা সমষ্টিৰ কংগ্ৰেছ মনোনিত  প্ৰাথী ৰাম প্ৰসাদ শৰ্মা । নিজকে বাঘৰ  লগত তুলনা কৰি  কয়যে বিজেপি এতিয়া দুভাগ বিভক্ত হৈছে ।এই বিভক্ত  মুখ্যমন্ত্ৰী নিজা সমষ্টি মাজুলীতেই । এটা শক্তিযে মুখ্যমন্ত্ৰী হৰুৱাবলৈ উঠি পৰি ৰাতি দিনে লাগিছে । আমি কংগ্ৰেছেও মুখ্যমন্ত্ৰী হৰাটো নিবিচাৰো । মুখ্যমন্ত্ৰী সচেতন হৈ মাজুলীত লাগক । নিজৰ সমষ্টি চম্ভালওক আৰ পি শৰ্মাৰ বাঘৰ গৰালত সোমাবলৈ  আহিব নালাগে বুলি আৰ পি শৰ্মাই উল্লেখ কৰি লগতে কয়যে  বিজেপিত মুখ্যমন্ত্ৰী কেন্দ্ৰীক যুজ চলিছে আৰু মুখ্যমন্ত্ৰী সচেতন নহলে তীব্ৰ বিপদত পৰিব বুলি  বিস্ফোৰক মন্তব্য কৰে ।