বৰক্ষেত্ৰীৰ লাৰকুছিত বহ্মপুত্ৰৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে ৰাইজৰ, পৰিদৰ্শন কৰিলে নৱ নিৰ্বাচিত বিধায়কে

67

আইদুল হুছেইন, নলবাৰীঃ সমগ্ৰ ৰাজ্যতে কোৰোনা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাজ্যত আন এক দুৰ্যোগৰ আগমনৰ উপক্ৰম হৈছে৷ বানপানীৰ আগমনৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ বিভিন্ন স্থানত দেখা দিছে গৰাখহনীয়াৰ শংকাই। ভাবুকি আহি পৰিছে মথাউৰি সমূহলৈ৷ বৰক্ষেত্ৰীৰ বিভিন্ন স্থানত গৰাখহনীয়াৰ আশংকাই শংকিত কৰিছে নৈপৰীয়া ৰাইজক৷

বৰক্ষেত্ৰীৰ লাৰকুছি, কাপলাবড়ী, পেৰাধৰা আদি বিভিন্ন স্থানত ভাবুকি আহি পৰিছে মথাউৰি সমূহলৈ৷ বিগত সময়ত এই অঞ্চলসমূহত চৰকাৰী আঁচনিৰ অধীনত মথাউৰিৰ মেৰামতিৰ কাম কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছিল। যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া বসতিৰ লোকসকল৷ আনহাতে প্ৰতিবছৰে এই অঞ্চল সমূহত গৰাখহনীয়াৰ ফলত শ শ লোক গৃহহীন হোৱাৰ লগতে কিছুমান লোক নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে৷ এই নৈ পৰীয়া লোকসকলৰ চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ আহ্বান বানপানীৰ পূৰ্বে যাতে এই মথাউৰিৰ মেৰামতিৰ কাম সম্পূর্ণ কৰে আৰু গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰে৷

উল্লেখযোগ্য যে যোৱা বছৰ প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে বৰক্ষেত্ৰীৰ এই অঞ্চলসমূহৰ মথাউৰি আৰু গৰাখহনীয়াৰ বুজ লৈ আশ্বাস প্ৰদান কৰিছিল যদিও গৰাখহনীয়া ৰোধৰ কোনো ব্যৱস্থা লোৱা দেখা নগ’ল। এইবাৰ বৰক্ষেত্ৰীত পট পৰিৱৰ্তন হৈছে আৰু বিৰোধী দলৰ বিধায়ক দিগন্ত বৰ্মণে জয়লাভ কৰাত আশাবাদী আছিল বৰক্ষেত্ৰীৰ ৰাইজ। আজি গোটেই দিনটো বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণে সমগ্ৰ বৰক্ষেত্ৰীত মথাউৰি পৰ্যবেক্ষণ কৰাৰ লগতে মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ গৈ কোভিড সম্পৰ্কে আৰু বিভিন্ন দিশৰ বুজ লয়।