বৰক্ষেত্ৰীত বিদ্যুৎ বিভাগৰ ফোপোলা স্বৰূপ, আজিও নাই বিদ্যুৎ সংযোগ

87

আইদুল হুছেইন, নলবাৰীঃ যিটো সময়ত বিজেপি চৰকাৰে “সব কা চাথ সবকা বিকাশ” নীতিৰ কথা কৈ আহিছে, সেইটো সময়তে বৰক্ষেত্ৰী অঞ্চলৰ চৰাঞ্চলৰ বৰচুলিয়া অঞ্চলৰ লোকসকলে বৈদ্যুতিক সংযোগৰ বাবে চৰকাৰলৈ আবেদন জনাইও বঞ্চিত হবলগীয়া হৈছে। যিটো সময়ত এচাম লোকে হাতত লেপটপ লৈ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত অধ্যয়ন কৰাৰ সুবিধা পাইছে তেনে সময়তে একাংশ ছাত্ৰ-ছাত্ৰীয়ে, সেইসময়তে অনলাইন ক্লাছৰ বাবে প্ৰয়োজন হোৱা মোবাইল ফোনটো চাৰ্জ কৰিবলৈও অন্য গাৱলৈ যাবলগীয়া হৈছে।

এফালে কোভিদ প্ৰট’কল, প্ৰাকৃতিক দুৰ্যোগ, যাতায়তৰ অসুবিধা, আনফালে শৈক্ষিক দায়বদ্ধতা। মুঠৰ ওপৰত এক গধুৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল।বৰক্ষেত্ৰীৰ সংখ্যালঘু বসতি প্ৰধান চৰাঞ্চলৰ বৰচুলিয়া চৰ অঞ্চলত আজিও নাই বিদ্যুতৰ সংযোগ।

স্বাধীনতাৰ ৭৩ বছৰ পিছতো বিদ্যুত সংযোগ লাভ কৰিবলৈ সক্ষম নহ’ল বৰক্ষেত্ৰী চৰাঞ্চলৰ বৰচুলিয়াবাসীয়ে। গাওঁখনত এইছ. টি সংযোগী তাঁৰ উপলব্ধ যদিও এল. টি তথা প্ৰয়োজনীয় ট্ৰেন্সফৰ্মাৰ নথকা বাবে বিদ্যুৎ ব্যৱহাৰ কৰিব নোৱাৰে গাঁওবাসীয়ে। ভুক্তভোগী ৰাইজে বাৰম্বাৰ এই সন্দৰ্ভত চৰকাৰক আবেদন কৰিও সুফল নাপালে।

উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ দিনতো অঞ্চলবাসীৰ পোহৰৰ সপোন পূৰণ নহ’ল। বৰচুলিয়াবাসী ৰাইজে নতুন চৰকাৰলৈ অনুৰোধ জনাইছে অঞ্চলটোত প্ৰয়োজনীয় বৈদ্যুতিক সংযোগৰ ব্যৱস্থা কৰি গাঁওবাসীক সকাহ দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ দীৰ্ঘদিনীয়া অভাৱৰ অৱসান ঘটাওক।