ব্ৰহ্মপুত্ৰ নাও দুৰ্ঘটনাঃ যোৰহাটত উদ্ধাৰ ৩টাকৈ মৃতদেহ

75
প্ৰতীকি ফটো

ব্ৰহ্মপুত্ৰত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। বুধবাৰে যোৰহাটৰ পুৰণি বালিবাটত উদ্ধাৰ হয় ৩টাকৈ মৃতদেহ।

নাও দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোককেইজনৰ নাম ক্ৰমে পৱন ৰায়(৩০), ৰেজিয়া টিগলা(২৪) আৰু শ্বাহিল চৌহান(১৫)। গণতন্ত্ৰ দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰৰ ফৰেষ্ট ৰেঞ্জত পিকনিকৰ বাবে গৈছিল তেওঁলোক।

মঙলবাৰে সংঘটিত হৈছিল এই নাও দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ দিনটোতেই NDRF-এ এটি ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰিছিল। মৃত কণমানিটিৰ নাম ছুফিয়া চৌহান। আন সন্ধানহীন লোককেইজনক বিচাৰি সন্ধান অব্যাহত ৰাখিছিল NDRF-এ ।