ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ শনিবাৰে এটি ১৫ বছৰীয়া কিশোৰ সন্ধানহীন হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে পৰিয়ালত।
জানিব পৰা মতে, শনিবাৰে বিয়লি বন্ধুৰ সৈতে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত গা ধুবলৈ ব্ৰহ্মপুত্ৰৰ পানীত নামিছিল কিশোৰজন।
কিন্তু তাৰ পিছতে দ পানীত পৰি সন্ধানহীন হৈ পৰে দশম শ্ৰেণীৰ ছাত্ৰজন।
সন্ধানহীন কিশোৰজনৰ পৰিচয় গুৱাহাটীৰ বিৰুবাৰীৰ জাহিদ আহমেদ বুলি জানিব পৰা গৈছে।
ইফালে কিশোৰজনৰ সন্ধান বিচাৰি শনিবাৰে সন্ধিয়ালৈকে এছডিআৰএফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলায় যদিও সম্ভেদ উলিওৱাত ব্যৰ্থ হয়।
দেওবাৰে পুৱা পুনৰ জাহিদক বিচাৰি অভিযান আৰম্ভ কৰিছে এছডিআৰএফে।
