ব্যৰ্থ CSK! পুনৰ এবাৰ খালে মুখ থেকেছা…

87

ডিজিটেল ডেস্কঃ ড্ৰীম-১১ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত পৰাজয়ৰ যাত্ৰা যেন অব্যাহত আছে চেন্নাই চুপাৰ কিংগছৰ। শুকুৰবাৰে ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত চানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই চুপাৰ কিংগছৰ মাজৰ খেলখনত ৭ ৰানত জয়লাভ কৰে হায়দৰাবাদে। খেলখনত টছত জিকি প্ৰথম বেটিং কৰাৰ সিদ্ধান্ত লয় হায়দৰাবাদে। প্ৰথমাৱস্থাত ২টাকৈ উইকেট হেৰুৱাই হায়দৰাবাদৰ গতি মন্থৰ হৈ পৰিলেও প্ৰিয়ম গাৰ্গৰ দুৰ্দান্ত অৰ্ধশতকেৰে অৱশেষত দলৰ স্ক’ৰ ১৬৪ হয়গৈ। হায়দৰাবাদে হেৰুৱায় ৫টা উইকেট।

ইফালে ১৬৫ ৰানৰ লক্ষ্য সন্মুখত ৰাখি ক্ৰিজত নমা চুপাৰ কিংগছৰ প্ৰথম দুই অভাৰত সংগ্ৰহ হয় মাত্ৰ ৪ ৰান। প্ৰথমৰ পৰাই মন্থৰ গতিৰে আগবঢ়া ধোনীৰ দলটোৱে প্ৰথম ৫ অভাৰতে হেৰুৱায় ৩টাকৈ উইকেট। ৰবীন্দ্ৰ জাডেজাই অৰ্ধশতকৰ বৰঙণি আগবঢ়ালেও ব্যৰ্থ হয় আন কেইজন বেটছমেন। শেষ অৱস্থাত মহেন্দ্ৰ সিং ধোনীয়ে ৩৬ ৰানত অপৰাজিত ৪৭ ৰান কৰে যদিও দলৰ স্ক’ৰ নিৰ্ধাৰিত অভাৰত ১৫৭ ৰানতে স্তিমিত হৈ পৰে। যাৰ ফলত খেলখনত ৭ ৰানত জয়লাভ কৰে ডেভিড ৱাৰ্ণাৰৰ হায়দৰাবাদে।

উল্লেখ্য যে, চলিত বৰ্ষৰ আইপিএলত চেন্নাই চুপাৰ কিংগছে প্ৰথম খন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰিছিল। কিন্তু তাৰ পিছত একেৰাহে ৩খনকৈ খেলত পৰাজয় স্বীকাৰ কৰিবলগা হৈছে। আনফালে চানৰাইজাৰ্ছ হায়দৰাবাদে একেৰাহে দুখন মেছত জয়লাভ কৰি দলটোৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে।