বোকাজানৰ খটখটীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

104

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত আৰক্ষীয়ে বুধবাৰে নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে NL-07B-0399 নম্বৰৰ ‘লাকী’ নামৰ নৈশ বাছখনত তালাচী চলাই হেৰ’ইনভৰ্তি ১৫টা চাবোনৰ বাকচ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ১০ লাখতকৈও অধিক হব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজনৰ পৰিচয় মণিপুৰৰ ডি ললি আৰু ডিমাপুৰৰ টেপুন ৰেট বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে খটখটি আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে।