কাৰ্বি আলং জিলাৰ বোকাজানৰ খটখটিত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে জীৱ জন্তুৰ দেহৰ অংগসহ দুজন লোকক আটক কৰে। গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে বাবা হাজৰিকা নামৰ ড্ৰাগছ মাফিয়াজনৰ ঘৰৰ পৰা ৭৯৫ গ্ৰাম হেৰোইন জব্দ কৰে। লগতে আৰক্ষীয়ে হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাড় উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ড্ৰাগছ মাফিয়া বাবা হাজৰিকাই ড্ৰাগছখিনি এখন ডাম্পাৰৰ টেংকীৰ ভিতৰত লুকুৱাই ৰাখিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বাবা হাজৰিকাৰ লগতে আন এজন অভিযুক্তত আটক কৰি জেৰা অব্যাহত ৰাখিছে।
টুইটাৰ যোগে এই সফল অভিযানৰ বিষয়ে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।