বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৩ জনক আটক আৰক্ষীৰ। খটখটী আৰক্ষীৰ নাকা তালাচীত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
জানিব পৰা মতে, এনএল ০১এইছ ৩৮০৪ নম্বৰৰ এখন মাৰুটি ভানেৰে ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ অভিযানত খটখটীৰ ড্ৰীম স্কাই হোটেলৰ সন্মুখত জব্দ কৰা হয়। ৫৫টা চাবোনৰ বাকচত কঢ়িয়াই অনা ৭১১ গ্ৰাম ওজনৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য ৫ কোটিৰো অধিক হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৩ জন সৰবৰাহকাৰীক আটক কৰিছে। ধৃত লোক কেইজনক নাগালেণ্ডৰ ভিতছ’ পহেনা, চোনগোৱা দুকৰো আৰু চালওনি পহেলা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, ড্ৰাগছখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল।
