বোকাজান মহকুমাৰ সৰিয়হজান-ডিফু সংযোগী পথত আজি নিশা প্ৰায় ৬ বজাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। সৰিয়হজান তিনিআলি দিশৰ পৰা ডিফু অভিমুখে গৈ থকা AS-05-F-0955 নম্বৰৰ টিভিএছ কোম্পানীৰ এখন ফ’নিস্ক মটৰচাইকেলে বিপৰীত দিশৰ পৰা আহি থকা NL-01-AC-8830 নম্বৰৰ এখন শিল ভৰ্তি ১০ চকীয়া ডাম্পাৰ গাড়ীত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।
মটৰচাইকেলখনে ডাম্পাৰ গাড়ীখনত খুন্দা মৰাত যুৱকজন উফৰি গৈ পথত চিটিকি পৰে। শোকাবহ পথ দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহী ডাকিৰাম চিংনাৰে হেলমেট পৰিধান কৰি আছিল যদিও ঘটনাস্থলীতে তেওঁ মৃত্যুক আঁকোৱালি লবলগীয়া হয়। ডাকিৰাম চিংনাৰ বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰনেৰিয়াৰ লাংমিলি গাঁৱৰ বাসিন্দা আছিল। কৰ্মসূত্ৰে দেওপানী মহাবিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ডাকিৰামে আজিৰে পৰা ডিফুস্থিত তাৰালাংছ’ত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, মৃত ডাকিৰাম কাৰ্বি আংলঙৰ এগৰাকী প্ৰসিদ্ধ বাঁহীবাদক আছিল। আনহাতে, ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।
