বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২ বাইক আৰোহী

86

শুকুৰবাৰে নিশা বোকাজানৰ বালিপথাৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় দুই বাইক আৰোহীয়ে।

এখন ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দূৰলৈ চিটিকি পৰে বাইক আৰোহী দুজন। যাৰ ফলত দুয়োৰে ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে।

নিহত যুৱক দুজন বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়াৰ সোণ বড়ো বাৰু গেজে বৰা বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত ট্ৰাকখনৰ নম্বৰ- NL-0-Q- 2477 আৰু বাইকখনৰ নম্বৰ AS-09-E-3890 বুলি জানিব পৰা গৈছে।