সোমবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানৰ ডিল্লাইত আৰক্ষীয়ে অভিযান চলাই ১৪ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰায় দুই কিলোগ্ৰাম ওজনৰ ড্ৰাগছখিনি টুৱেলভথ মাইলত ১৫২ টা চাবোন বাকচৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।
ড্ৰাগছখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা যোৱা এখন বাহনত পৰিবহন কৰা হৈছিল।
চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা অহা দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক লানাহমাই ষ্টিফেন আৰু ৰোকো বাইপোক বুলি চিনাক্ত কৰা হৈছে।
