বোকাজানত পুনৰ জব্দ কৰা হৈছে ড্ৰাগছ। বোকাজানৰ ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজান সীমান্তৰ আৰক্ষী চাউনীৰ বিশেষ নাকা তালাচীত জব্দ কৰা হৈছে ড্ৰাগছখিনি।ডিমাপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত AS-01-AK-5996 নম্বৰৰ এখন বাহনত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি। সৰবৰাহকাৰীয়ে অতি চতুৰালিৰে বাহনখনৰ sound box ৰ ভিতৰত সুমুৱাই আনিছিল ড্ৰাগছখিনি। জব্দ কৰা হৈছে প্রায় ১৭৯ গ্ৰাম ড্ৰাগছ৷ ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা। আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে আটক কৰিছে দুজন সৰবৰাহকাৰীক।ধৃত দুই সৰবৰাহকাৰী দুজন ক্ৰমে গুৱাহাটীৰ মিল্টন চক্ৰৱৰ্তী আৰু ত্ৰিপুৰাৰ সুশীল দাস।