আজি অসমত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ দ্বিতীয় দিন। শনিবাৰে পুৱাই তেজপুৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী। কিন্তু তাৰ মাজতে বোকাখাতত সংঘটিত হয় এক শোকাবহ ঘটনা। পুৱা বোকাখাতৰ জেডিএছ মহাবিদ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰপতিৰ এছক’ৰ্টৰ বাহনে মহতিয়াই নিয়ে এজন শ্ৰমিকক।
এই শোকাবহ ঘটনাত থিতাতে নিহত হয় ভায়া ৰবিদাস নামৰ শ্ৰমিকজন। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, শনিবাৰে ৰাষ্ট্ৰপতি গৰাকী তেজপুৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰে। তাৰ পৰা তেওঁ বিয়লি কাজিৰঙালৈ যাত্ৰা কৰিব। তেজপুৰৰ পৰা তেওঁ বিশেষ বিমান যোগে কাজিৰঙাত উপস্থিত হ’ব আৰু বাগৰি বনাঞ্চলত জীপ চাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগ পৰিদৰ্শন কৰিব।
নিশা কাজিৰঙাক এখন ৰিজৰ্টতে কটাবলগীয়া ৰাষ্ট্ৰপতি গৰাকীয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কঁহৰা বনাঞ্চলত হাতী চাফাৰী কৰিব। তাৰ পিছদিনাই অৰ্থাত ৰবিবাৰে পুৱা কাজিৰঙাৰ পৰা যোৰহাটলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি গৰাকী। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ সময়ত তেওঁৰ লগত আছে পত্নী আৰু কন্যা।