বোকাখাতত ৭ দিনৰ বাবে বন্ধ সাপ্তাহিক বজাৰ

60

বোকাখাতৰ বিভিন্ন প্ৰান্তত ভয়াবহ হাৰত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। কোভিড সংক্ৰমণ ৰোধৰ বাবে বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তত বহা সাপ্তাহিক বজাৰসমূহ ৭ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে।

উল্লেখ্য যে, বোকাখাত মহকুমাত বৰ্তমানলৈকে ১৭ জনকৈ ৰোগীৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। ইফালে মহকুমাটোত ২ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে কোভিড পজিটিভ ধৰা পৰিছে। এনে পৰিপ্ৰেক্ষিতত ঠায়ে ঠায়ে সজাগতা অভিযানো চলাইছে প্ৰশাসনে।