বোকাখাতত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগমাৰ্চ

98

বোকাখাতত ক্ৰমাৎ বৃদ্ধি পোৱা কোভিড সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন। সান্ধ্য আইন কিছু শিথিল কৰাৰ পিছতে এতিয়া অনিয়ন্ত্ৰিত হৈ পৰিছে বোকাখাতৰ কোভিড পৰিস্থিতি।

জিলাখনৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-প্ৰশাসনক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে অভিভাৱক মন্ত্ৰীয়ে। আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চৰো নিৰ্দেশ প্ৰদান কৰিছে অভিভাৱক মন্ত্ৰীয়ে।