বোকাখাতত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰা চোৰাং চিকাৰী আহত

80

বোকাখাতত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় চোৰাং চিকাৰী। বুধবাৰে নিশা এই ঘটনা সংঘটিত হয় বোকাখাতৰ পানবাৰী ৰিজাৰ্ভ ফৰেষ্টত।

উল্লেখ্য যে, যোৱা ১৩ জুলাইত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জেমী ৰিভলিউচনেৰী আৰ্মীৰ সদস্য তথা গঁড় হত্যাকাৰী থাংগৌসিং ভি খামফৌপ’ক৷ চোৰাং চিকাৰীজনে লুকুৱাই ৰখা মৰাণাস্ত্ৰ উদ্ধাৰৰ বাবে বুধবাৰে নিশা বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চোৰাং চিকাৰীজনক পানবাৰী ৰিজাৰ্ভ ফৰেষ্টলৈ লৈ যায়।

তাতেই চেগ বুজি আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলায় দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৱে। যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত চোৰাং চিকাৰীটো আহত হয়। আনহাতে জুৱেল গগৈ নামৰ এগৰাকী আৰক্ষী কনিষ্টবলো সেই সময়ত আহত হয়। পিছত দুয়োজনকে জেএমছিএইছলৈ লৈ অনা হয়।