বেয়া বতৰৰ বাবে দেৰগাঁৱত বিজেপিৰ বাইক ৰেলী বাতিল

306

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গোলাঘাট জিলা ভ্ৰমণৰ কাৰ্যসূচীৰ সূচীত সামান্য সালসলনি কৰা হৈছে।

বেয়া বতৰৰ বাবে বাতিল কৰা হৈছে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অনুশীলন আৰু দেৰগাঁৱৰ মটৰ চাইকেল ৰেলী।

ইফালে, অমিত শ্বাহে দেৰগাঁও ভ্ৰমণ কৰি আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া আৰক্ষী অধীক্ষকৰ সন্মিলন উদ্বোধন কৰিব।

দুদিনীয়া এই সন্মিলনৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।