বেলতলা বৃদ্ধ দম্পত্তি হত্যাকাণ্ডৰ নতুন মোৰ: ঘটনাস্থলীত কেয়াৰটেকাৰৰ ফিংগাৰপ্ৰিণ্ট লাভ আৰক্ষীৰ

100

গুৱাহাটীঃ গুৱাহাটীৰ বেলতলা অঞ্চলত সংঘটিত বৃদ্ধ দম্পতীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্তত গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে অপৰাধস্থলীত দম্পত্তিহালৰ কেয়াৰটেকাৰ জনৰ ফিংগাৰপ্ৰিণ্ট লাভ কৰাৰ পিছতে সমগ্ৰ ঘটনাই নতুন মোৰ লৈছে।

গুৱাহাটী আৰক্ষীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে বুধবাৰে এই বিষয়ে নিশ্চিত কৰি জানিবলৈ দি কয় যে আকাশ চৌধুৰী বুলি চিনাক্ত কৰা কেয়াৰটেকাৰ জনেই প্ৰথমে আৰক্ষীক দম্পত্তিহালৰ হত্যাকাণ্ডৰ খবৰ দিছিল। আকাশ চৌধুৰীক মেইন ছাছপেক্ট হিচাপে লৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে ঘটনা সন্দৰ্ভত আন দুজন লোককো আটক কৰা হৈছে।

উল্লেখ্য যে, মঙলবাৰে পুৱা গুৱাহাটীৰ বেলতলা চন্দননগৰ অঞ্চলৰ নিজা বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হৈছিল বৃদ্ধ দম্পত্তিহালৰ মৃতদেহ। জানিব পৰা মতে, ননী গোপাল বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মিনা বৰুৱা (৮০) বাসগৃহটোত অকলে বাস কৰিছিল। তেওঁলোকৰ দুই কন্যা কৰ্মসূত্ৰে থাকে অসমৰ বাহিৰত।

আনহাতে মঙ্গলবাৰে পুৱা কেয়াৰটেকাৰ জনে দম্পত্তিহালক পুৱাৰ আহাৰ দিবলৈ গৈ শোৱনী কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰে। ঘটনাৰ প্ৰাথমিক তদন্তত এয়া এক ডকাইতি কাণ্ড বুলি অনুমান কৰা হলেও তদন্তৰ লগে লগে ন ন তথ্য পোহৰলৈ আহিছে।