বেলজিয়ামত সম্পূৰ্ণ লকডাউন…

57

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনাৰ দ্বিতীয় সংক্ৰমণে পুনৰ আতংকিত কৰিছে ইউৰোপৰ কেইবাখনো দেশক। কোৰোনাৰ দ্বিতীয় সংক্ৰমণৰ আগজাননীৰ পিছতে ফ্ৰান্স আৰু জাৰ্মানীয়ে ৰাষ্ট্ৰ দুখনত লকডাউন ঘোষণা কৰিছে। কোভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ লকডাউন ঘোষণা কৰিছে বেলজিয়ামে। উল্লেখ্য যে, ইউৰোপৰ আটাইতকৈ অধিক কোৰোনাৰ সংক্ৰমণ হৈছে বেলজিয়ামতে।

সোমবাৰে বেলজিয়াম চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা বিজ্ঞপ্তিত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত প্ৰয়োজন নহ’লে যাতে কোনো লোক ঘৰৰ পৰা বাহিৰলৈ নোলায় তাৰ প্ৰতিও আহ্বান জনাইছে চৰকাৰে। লকডাউনৰ সময়ছোৱাত ৰাষ্ট্ৰখনত জৰুৰী সেৱা আৰু প্ৰয়োজনীয় সামগ্ৰীৰ দোকানৰ বাহিৰে অন্য দোকান, হোটেল, জিম, যান বাহনৰ চলাচল বন্ধ থাকিব। একে ঠাইত ৬ জনতকৈ অধিক লোক সমবেত হোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে বেলজিয়াম চৰকাৰে। আনহাতে অহা ১৫ নৱেম্বৰ পৰ্যন্ত ৰাষ্ট্ৰখনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে। ডিচেম্বৰলৈকে বেলজিয়ামত লকডাউন থাকিব বুলি নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।