ষ্টাফৰিপৰ্টাৰ, ৩১ মে’ : বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছে ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে। এক বিবৃতি যোগে
ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে কয় ” অৰুণাচলত নিৰ্মাণ হৈ থকা বৃহৎ নদীবান্ধে ৰাজ্যখনৰ ভূ-প্ৰাকৃতিক তথা জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ লগতে অসমকো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিব এই কথা সৰ্বজন বিদিত৷ গোগামুখৰ নিৰ্মীয়মাণ দুহেজাৰ মেগাৱাট নামনি জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনৰ ফলত কেইখনো জিলা জলমগ্ন বিপদ সংকুল পৰিস্থিতিত নিৰাপত্তাহীনতাত ভুগিছে। ভূমিস্খলনত প্ৰকল্পটোৰ গাৰ্ডৱাল ভাঙি যোৱাৰ ফলত নামনিত ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে৷ বৃহৎ নদী বান্ধৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই চাৰি-পাচদিনীয়া বৰষুণৰ ফলত নামনি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ড ৱাল ভাঙি ভয়ানক ৰূপ লোৱাটোৱে এন এইচ পি চিৰ দৰে বৃহৎ নদীবান্ধে যে অসমৰ লোকক বৃহৎ ক্ষতি কৰিব সেয়া নিশ্চিত।” তেওঁ লগতে এন এইছ পি চি ৰ নদী বান্ধ সংক্ৰান্তত অসম চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়৷
অসমৰ দল-সংগঠনে বিৰোধিতা কৰাৰ পিছতো লক ডাউনৰ সময়ত নিৰ্মাণকাৰ্য্য অব্যাহত ৰখাটো দূৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি কয়৷ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ দল-সংগঠনক গুৰুত্ব নিদি হিটলাৰী তন্ত্ৰ চলাইছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰ গঠন হোৱাৰে পৰা এটা পিছত এটাকে জনবিৰোধী নীতি অৱলম্বন কৰি আহিছে৷ শেহতীয়াকৈ লকডাউনৰ সময়ত দিহিং পাটকাই অভয়াৰণ্য ধংস কৰি কয়লা খনন বাবে বহিৰাগত কোম্পানীক অৰ্পন কৰাটো অতি দূৰ্ভাগ্যজনক। ৰাজ্য চৰকাৰক অতি শীঘ্ৰে বৃহৎ নদী বান্ধ নিৰ্মাণ বন্ধ কৰাৰ আৰু দিহিং পাটকাই অভয়াৰণ্য সুৰক্ষিত ৰখা,
লক ডাউনৰ ফলত বহিৰাজ্যত আবদ্ধ শ্ৰমিক সকলক চৰকাৰী খৰচত অতি কম সময়ৰ ভিতৰত উভতাই আনিবলৈ আৰু
শ্ৰমিক সকলক কমেওঁ তিনি, চাৰি মাহ চলিব পৰাকৈ সাহায্য প্ৰদানৰ দাবী জনাইছেঁ৷”
