বৃহস্পতিবাৰে দেশত পুনৰ কোৰোনাত আক্ৰান্ত ৪০হাজাৰ জন

71

দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোৰোনা পৰিস্থিতি। কোৰোনাৰ দ্বিতীয় সংক্ৰমণত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক। বিগত ২৪ ঘণ্টাত দেশত পুনৰ কোৰোনাত আক্ৰান্ত হৈছে ৪০ হাজাৰতকৈও অধিক লোক। চলিত বৰ্ষত সৰ্বাধিক আক্ৰান্ত হৈছে বৃহস্পতিবাৰৰ দিনটোত। ইয়াৰ পূৰ্বে বুধবাৰে ৩৫,৮৮৬ জন আক্ৰান্ত হৈছিল কোৰোনা ভাইৰাছত।

সৰ্বাধিক কৰোনো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত। মধ্যপ্ৰদেশতো কোৰোনাৰ গণ সংক্ৰমণে চিন্তাত পেলাইছে চৰকাৰ-প্ৰশাসনক। কোৰোনাৰ দ্বিতীয় সংক্ৰমণে টোকৰ দিছে পঞ্জাৱ, গুজৰাট আৰু উত্তৰ প্ৰদেশতো।

কোৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাগপুৰত দিনৰ ১ বজাৰ পৰা সকলো দোকান বন্ধ ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে। পঞ্জাৱৰো কেইবাখনো জিলাত জাৰি কৰা হৈছে নৈশ কাৰ্ফিউ। গুজৰাটত মাস্ক পৰিধান নকৰা লোকক বিহা হৈছে জৰিমণা। আনহাতে বিহাৰত বাতিল কৰা হৈছে সকলো চিকিৎসক তথা চিকিৎসা কৰ্মীৰ ছুটি।

ইফালে কানপুৰ কাৰাগাৰত থকা ১০ জন কয়েদীৰ দেহতো পোৱা গৈছে কোৰোনা ভাইৰাছৰ উপস্থিতি। কোৰোনাৰ দ্বিতীয় সংক্ৰমণৰ পিছতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোডী।