ষ্টাফৰিপৰ্টাৰ, ২২ জুন : বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতি সমূহৰ ঐক্য মঞ্চৰ নেতৃত্বই সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত শ্বহীদ দিৱসৰ আয়োজন কৰে। এই উপলক্ষে ২০১১ চনৰ ২২ জুনত নিজৰ ভূমিস্বত্ব অধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীবাসী ৰাইজে হাতত লোৱা দিছপুৰ ঘেৰাও কাৰ্যসূচীত ছহীদ হোৱা ৰুহুল আলি, বীৰেন কলিতা, শিৱ কুমাৰ চৌহান আৰু জেৰিনা বেগমলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, মানৱ অধিকাৰ কর্মী লাচিত বৰদলৈ, বিশিষ্ট লেখক কিশোৰ কুমাৰ কলিতা, বিশিষ্ট কবি, লেখক কমল কুমাৰ মেধী আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতি সভাপতি অমৰজ্যোতি বেজবৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে সমৰজ্যোতি বেজবৰুৱাই। সভাত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে কয় ” গুৱাহাটীত
খিলঞ্জীয়াই ভূমিপট্টা নাপায়।
বিজেপিয়ে হিন্দীবলয়ৰ হাতত খিলঞ্জীয়াৰ ভূমি গতাই দিছে।
খিলঞ্জীয়াই ভূমি অধিকাৰ বিচাৰি পদযাত্ৰা আৰম্ভ কৰি এটা সংগ্ৰামী ধাৰা আৰম্ভ কৰিব লাগে। ৰাজ্যৰ ২৮ শতাংশ লোকৰ ভূমি নাই, ৪৪ শতাংশ লোকৰ এক কঠাতকৈ ক’ম মাটি আছে। ইয়াৰ বাবে শক্তিশালী সংগ্ৰাম গুৱাহাটীৰ মাজমজিয়াৰ পৰা আৰম্ভ কৰিব লাগে।”
এই অনুষ্ঠানত উপস্থিত থাকি ছদিদ ৰুহুল আলিৰ পিতৃ ইউনিছ আলি আৰু তেওঁৰ পত্নীয়ে আজিলৈ গুৱাহাটীবাসী ৰাইজৰ ভূমিস্বত্ব অধিকাৰৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে নোলোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰে।সভাত লাচিত বৰদলৈ,শান্তনু বৰঠাকুৰ, কিশোৰ কুমাৰ কলিতা আদিয়ে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বক্তব্য আগবঢ়ায়।
